আমি শিক্ষক সমাজ; সমাজৰ ভৱিষ্যৎ গঢ়োতা শিশুসকলক শিক্ষাদানৰ দৰে মহান কৰ্মত ব্ৰতী। কিন্তু আমি প্ৰায়েই বিভিন্ন
সমস্যাৰ মাজেৰে অতিবাহিত কৰিব লগা হয় ৷ বিশেষকৈ অসুখ আৰু দুৰ্ঘটনাৰ সময়ত আমি অসহায় হৈ পৰোঁ। যিহেতু প্ৰায়সকল
শিক্ষক সতীৰ্থৰে ঘৰুৱা আৰ্থিক অৱস্থা সন্তোষজনক নহয়, সেয়ে অকস্মাৎ সন্মুখীন হোৱা বিপদত আমি সাধাৰণতেই নিৰূপায় হৈ
পৰোঁ।
এনেধৰণৰ কিছু সমস্যাৰপৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে আমিয়েই যদি কিবা এটা নকৰোঁ, কাৰ ওপৰত ভাৰসা ৰাখিম! সেয়ে
সমস্যাবিলাকৰপৰা অলপ হ'লেও পৰিত্ৰাণ পোৱাৰ উদ্দেশ্য আগত ৰাখিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ Facebook-ৰ মাধ্যমেৰে
চিনাকি হোৱা, সমাজৰ বাবে কিবা এটা ভাল কাম কৰিব বিচৰা ব্যক্তিবিশেষৰ মনত সৃষ্টি হোৱা ধাৰণাৰ পৰাই জন্ম "শিক্ষকৰ
স্বাস্থ্য সুৰক্ষা" নামৰ গোটটি ৷
প্ৰথমে ফে'চবুক, হোৱাটছ্এপৰ মাজতে থকা আলোচনাবোৰে পূৰ্ণতা লাভৰ দিশে আগবাঢ়ে ক্ৰমে।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, যোৱা ১৫ জুলাই, সোমবাৰে গৌৰীসাগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত গোটৰ প্ৰথমখন সাধাৰণ
সভা অনুষ্ঠিত হৈ যায়। মহান উদ্দেশ্য আগত ৰাখি সভাত উপস্থিত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকলকে লৈ প্ৰাথমিক
পৰ্যায়ত গোটৰ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়। সভাত সৰ্বসন্মতি ক্ৰমে গোটৰ সংবিধানো গৃহীত কৰা হয়।
গোটৰ বিভিন্ন কাম-কাজৰ সুপৰিচালনাৰ বাবে
ইয়াৰ কাৰ্যালয় এটি আছে, বেংক একাউণ্ট এটি খোলা হৈছে, চৰকাৰী পঞ্জীয়নৰ কামো প্ৰায় শেষ পৰ্যায়ত চলি আছে ৷ গোটৰ
কাম-কাজ সু-সংঘৱদ্ধৰূপে ৰূপে পৰিচালিত কৰিবলৈ
অসমৰ প্ৰতিখন জিলাৰ পৰাই জিলা সমন্বয়ক লোৱা হৈছে৷ সমন্বয়ক সকলেই এই গোটটোৰ মূল কাঠামো ৷ ইয়াৰ এখন সংবিধান আছে
, আছে অত্যন্ত স্পষ্ট নীতি-নিয়ম, আছে নিজা প্ৰতীক চিহ্ন ৷ আমি কোনো ইয়াৰ উৰ্দ্ধত নহয় ৷
ইয়াৰ কাৰ্যপন্থা, পৰিকল্পনা, গাঁথনি আৰু কাৰ্যক্ষেত্ৰৰ বিষয়ে বিতং জানিবলৈ জিলা সমন্বয়ক, মণ্ডল সমন্বয়কসকলৰ লগত যোগাযোগ
কৰিব পাৰে। মূল সমিতিৰ লগতো যোগাযোগ ৰাখিব পাৰে। আপুনিও যদি চৰকাৰী যিকোনো বিদ্যালয়ত কৰ্মৰত ( প্ৰাথমিক বিদ্যালয়ৰপৰা
উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ) শিক্ষক হয়, যোগদান কৰিবলৈ ইচ্ছুক, গোটৰ নীতি- নিয়ম মানি ইয়াৰ সদস্য-পদ ল'ব পাৰিব ৷
আপোনালোক সকলোৰে সহায় সহযোগিতা একান্তই কামনা কৰিলোঁ।
শিক্ষকৰ স্বাস্থ্য সুৰক্ষা গোটৰ মূল কথা
(১) যিহেতু কেৱল শিক্ষকসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আজিলৈকে কোনো গোট বা সংগঠনৰ জন্ম হোৱা নাই ; সেয়ে এই গোটেই
হ'ল প্ৰথম আৰু অনন্য , যি গোটে জটিল ৰোগ বা দুৰ্ঘটনাত আক্ৰান্ত এজন শিক্ষক-সদস্যৰ কাষত শাৰিৰীক আৰু আৰ্থিক
সাহায্য লৈ তেওঁৰ কাষত থিয় দিব।